"ৰক্তদান আৰু ব্লাড বেংক"

"ৰক্তদান আৰু ব্লাড বেংকৰ বিষয়ে 

জানিবলগীয়া লাগতিয়াল কথা"                                     ডা০ ৰামকান্ত  হাজৰিকা                

 (ডা০ ভূপেন  শইকীয়া দেৱৰ সহপাঠী আৰু বাল্যবন্ধু ডা০ ৰামকান্ত  হাজৰিকা দেৱৰ "ৰক্তদান" লেখাটো   অসমীয়া কথা বতৰা আৰু সাহিত্য ডট  অৰ্গত  প্ৰকাশিত হব বুলি  খুজি আনিছে৷পুনৰ "মূৰ্চ্ছনা"ত প্ৰচাৰ কৰিবলৈ অনুমতি দি আমাক কৃতাৰ্থ কৰিছে।এই সুযোগতে দুয়োজন ব্যক্তিলৈ "মূৰ্চ্ছনা"ৰ তৰফৰ পৰা ধন্যবাদ জনালো।)

         ইতিহাসৰ আৰম্ভণীৰ পৰাই  মানুহে  তেজক শৰীৰৰ  প্ৰাণশক্তি বুলি গণ্য কৰি আহিছে৷ প্ৰাচীন কালত গ্ৰীক আৰু ৰোমানসকলে যুদ্ধত মৃত্যুবৰণ কৰা সৈনিকৰ ৰক্তপান কৰিছিল৷ আনকি প্ৰাচীন কালত মহিলাসকলে সৌন্দৰ্য বৃদ্ধিৰ বাবে শৰীৰত তেজৰ  প্ৰলেপ ঘঁহিছিল৷ মহাভাৰতত  ভীমেও  দু:শাসনৰ  ৰক্তপান  কৰাৰ কথা আমি জানিবলৈ পাওঁ৷ চিকিৎসা বিজ্ঞানেও মানুহৰ তেজক ঔষধ হিচাপে গণ্য কৰি আহিছে৷ অৱশ্যে ষোল্ল  শতিকাৰ শেষলৈকে তেজক  মানৱ দেহত  ইনফিউজন কৰাৰ কথা ভবা হোৱা নাছিল৷   চিকিৎসা বিজ্ঞানৰ  অগ্ৰগতি  আৰু সাফল্য অনেক ৰোমাঞ্চকৰ ঘটনাৰে সমৃদ্ধ৷ ১৬৬৭ চনত  প্ৰথমবাৰৰ বাবে মানুহৰ শৰীৰত জন্তুৰ (ভেড়াৰ)তেজ পৰীক্ষামূলকভাবে  সঞ্চৰণ কৰাৰ কথা জনা যায়৷ অৱশ্য নানান প্ৰতিক্ৰিয়াৰ  বাবে এই  প্ৰচেষ্টা সফল নহ'ল৷ ইয়াৰ পিছত  ১৮১৮চনৰ  ২২ ডিচেম্বৰত জেমচ ব্ৰুচেল  নামৰ   চিকিৎসা বিজ্ঞানীয়ে মানুহৰ গাত মানুহৰ তেজ  সফলতাৰে প্ৰদান কৰিবলৈ সক্ষম হ'ল৷ ১৯০১ চনত  কাৰ্ল লেণ্ডষ্টেইনাৰ  আৰু ডা০ উইনাৰে তেজৰ বিভিন্ন  গ্ৰুপ সমূহ (এ,বি,এবি,অ' আৰু আৰ এইচফেক্টৰ) আবিস্কাৰ  কৰাৰে পৰা এজনৰ তেজ আনজনলৈ দিওঁতে হোৱা  প্ৰতিক্ৰিয়াৰ সমস্যা বহু পৰিমানে সমাধান হ'ল৷ এই যুগান্তকাৰী  আবিস্কাৰৰ  ফলত  ৰক্তদান প্ৰায় নিৰাপদ হৈ পৰিল৷চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ লগে  লগে ৰক্তৰ ব্যৱহাৰ অপৰিসাৰ্য হৈ পৰিল৷ কিন্তু কৃত্ৰিম  ৰক্ত  এতিয়াও  আবিস্কৃত হোৱা নাই, সেয়ে মানুহৰ  ৰক্তৰ কোনো  বিকল্প নাই৷
                 ৰক্তৰ বাবে ৰক্তদাতাৰ  প্ৰয়োজন  আৰু প্ৰয়োজন  ব্লাডবেংকৰ৷ সাধাৰণতে তিনিধৰণৰ দাতাৰ ওপৰত ব্লাডবেংক  নিৰ্ভৰশীল৷
১)পৰিপূৰক দাতা - ৰোগীক  প্ৰয়োজন হোৱাৰ লগে লগে ব্লাডবেংক ত সংৰক্ষণ কৰি ৰখা নিৰ্দিষ্ট  গ্ৰুপৰ তেজ  ১৫৷৩০ মিনিটৰ ভিতৰত  ৰোগীক দিয়া হয়  আৰু বিনিময়ত  পৰিয়ালৰ লোকৰ পৰা সম পৰিমানৰ যি কোনো  গ্ৰুপৰ তেজ  সংগ্ৰহ কৰা হয়৷ সংগৃহীত তেজ  সকলো পৰীক্ষা কৰাৰ পিছত  ব্লাডবেংক ত  অইন ৰোগীৰ বাবে সাজু কৰি ৰখা হয়৷
২) প্ৰত্যক্ষ দাতা - ৰোগীক প্ৰয়োজন হোৱা  নিৰ্দিষ্ট গ্ৰুপৰ তেজ  ব্লাডবেংকত  নাথাকিলে সেই গ্ৰুপৰ   ৰক্তদাতাৰ  প্ৰয়োজন  হয়৷ এইজন ৰক্তদাতা পৰিয়ালৰ আত্মীয় বা শুভাকাংক্ষী হোৱাটো বাঞ্চনীয়৷ এই পদ্ধতিত ৰক্ত দিবলৈ ২৷৩ঘন্টা সময়ৰ  প্ৰয়োজন হয়৷ পৰিয়ালৰ লোকে বাধ্যতা মূলকভাবে সেইখিনি সময় অপেক্ষা কৰিবলগীয়া হয়৷
৩) স্বেচ্ছা ৰক্তদাতা - এইসকল নিৰোগীদাতাই বিনিময়ত  কাৰো পৰা একো নোলোৱাকৈ ৰক্তদান কৰে৷ এওঁলোকৰ তেজত এইচ আই ভি, হেপাটাইটিচ-বি, হেপাটাইটিচ -চি, মেলেৰিয়া,চিফিলিচ  আদিৰ  বীজাণু নাথাকে৷ স্বেচ্ছা ৰক্তদাতাৰ তেজ সেয়ে  ৰোগীৰ বাবে আটাইতকৈ নিৰাপদ৷ ব্যৱসায়িক দাতাৰ তেজৰ পৰা এনে ৰোগৰ বীজাণু বিয়পাৰ সম্ভাৱনা থাকে৷
              ভাৰত চৰকাৰে ১৯৯৮ চনৰ জানুৱাৰী মাহৰ পৰা ব্যৱসায়িক দাতাৰ পৰা তেজ  সংগ্ৰহ কৰা নিষিদ্ধ  কৰিছে ৷ "ড্ৰাগছ এণ্ড  কচমেটিক এক্ট-১৯৪০" ৰ অধীনত  ভাৰত চৰকাৰে ৰক্তক  ঔষধ হিচাবে গণ্য কৰিছে  আৰু সকলো ব্লাড বেংকৰ অনুজ্ঞা পত্ৰ  হোৱতো বাধ্যতামূলক কৰিছে৷
             ৰোগীক যি কোনো সময়তে,যি কোনো গ্ৰুপৰ, যি কোনো পৰিমাণৰ  ৰক্তৰ প্ৰয়োজন হব পাৰে৷কেতিয়াবা ব্লাডবেংকত প্ৰয়োজন হোৱা গ্ৰুপৰ তেজ  নাথাকিবও পাৰে - তেনে অৱস্থাত   প্ৰত্যক্ষ  দাতাৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হয়৷ আগতে উল্লেখ কৰা হৈছে - এনেদৰে ৰক্তৰ যোগান ধৰোতে ২৷৩ ঘন্টা সময় লাগে৷ সংকটাপন্ন  ৰোগীৰ বাবে এই বিলম্ব নিৰাশাজনক৷  সেয়ে  স্বেচ্ছা ৰক্তদাতাৰ  নিয়মীয়া  ৰক্তদানৰ গুৰুত্ব অপৰিসীম৷ ব্লাডবেংকত  ২৪ ঘন্টাই তেজ  মজুত  থকাটো অতীব প্ৰয়োজনীয়৷ স্বেচ্ছা ৰক্তদাতাৰ  অবিহনে  ইয়াৰ সমাধান অসম্ভৱ৷ ১৯৭১ চনত  চণ্ডীগড়ত   I.S.B.T নামেৰে  স্থাপিত এটি  সংস্থাই  এই ক্ষেত্ৰত  জন জাগৰণৰ আৰম্ভণী ঘটায়৷   ইয়াৰ পিছৰ পৰাই প্ৰতি বছৰে  পহিলা অক্টোবৰৰ দিনটোক "স্বেচ্ছা ৰক্তদান দিবস" হিচাপে পালন কৰি অহা হৈছে৷
             নিৰাপদ  ৰক্তৰ যোগান নিৰ্ভৰ  কৰে মূলত:  স্বেচ্ছা ৰক্তদাতা  আৰু  বিজ্ঞান সন্মত  ৰক্তভঁৰালৰ (ব্লাডবেংক) ওপৰত৷ অৱশ্যে আমাৰ দেশৰ বেচি ভাগ ব্লাডবেংক  প্ৰত্যক্ষ দাতা আৰু  পৰিপূৰক  দাতাৰ ওপৰতহে নিৰ্ভৰশীল৷\পৃথিবীৰ  প্ৰথমটো ৰক্তভঁৰাল ১৯৩৬ চনত  ডা০ নৰ্মান বেথুনে  স্পেইনৰ গৃহযুদ্ধৰ সময়ত মাদ্ৰিদ  চহৰত  স্থাপন কৰে৷আনহাতে  ১৯৩৭ চনত  চিকাগোৰ  ক'ক  কাউন্টি চিকিৎসালয়ত  ডা০ বাৰ্নাৰ্ড  ফেন্টাচে প্ৰথমটো  বিজ্ঞানসন্মত ৰক্তভঁৰাল  স্থাপন কৰে - য'ত তেজ  জমা আৰু দিব পৰা ব্যৱস্থাৰ প্ৰচলন হৈছিল৷  দৰাচলতে  ৰক্তভঁৰাল হ'ল এক পৰীক্ষাগাৰ - য'ত তেজৰ সকলো  লাগতিয়াল পৰীক্ষা সম্পন্ন কৰি  ট্ৰান্সফিউজনৰ বাবে সাজু কৰি দিয়া হয়৷ ৰক্তভঁৰালৰ  উদ্ভাৱনে চিকিৎসা জগত  এক  আমূল পৰিবৰ্তনৰ সূচনা কৰিলে৷ ভাৰতবৰ্ষত ১৯৪২চনত  কলিকতাৰ  অলইণ্ডিয়া  ইন্সিটিউট অৱ পাব্লিক  হেল্থ  এণ্ড হাইজিনত প্ৰথমটো ৰক্তভঁৰাল স্থাপিত হয়৷  আজিকালি  ভাৰতবৰ্ষৰ  প্ৰায় সকলো  চিকিৎসা প্ৰতিস্থানতে ৰক্তভঁৰাল  আছে - য'ত  ২ৰ পৰা ৪ ডিগ্ৰী  চেলচিয়াচত  ৪০দিন পৰ্যন্ত ৰক্ত  সংৰক্ষণ কৰি  ৰাখিব পাৰি৷
                 চিকিৎসা বিজ্ঞানত আজিকালি  'সম্পূৰ্ণ ৰক্ত' (whole blood )ৰ সলনি  তেজৰ বিভিন্ন  কম্পনেন্ট (যেনে পেকড আৰ বি চি, প্লাজমা, ফ্ৰেচ ফ্ৰজন  প্লাজমা, প্লেটলেট, গ্ৰেনুলচাইট)দিয়াটোহে বেচি বিজ্ঞানসন্মত বুলি বিবেচিত হৈছে৷ প্ৰায়বোৰ  ৰক্তভঁৰালতে এনে  কম্পনেন্ট থেৰাপিৰ সুবিধা উপলব্দ্ধ হব ধৰিছে৷ ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগেও   ৰক্তভঁৰালসমূহক  সমুদায়তেজৰ ৮০%ক  কম্পনেন্টলৈ ৰূপান্তৰ কৰি ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে৷ আমাৰ দেশত  প্ৰতি বছৰে যথেষ্ট পৰিমাণৰ তেজৰ   প্ৰয়োজন  হয় ৷ ২০০৭ চনৰ সমীক্ষামতে  দেশত বছৰি প্ৰয়োজন  হোৱা ১০মিলিয়ন ইউনিটৰ (এক   ইউনিট = ৩৫০ মিলিলিটাৰ)অৰ্ধেকৰো কম  তেজহে সংগ্ৰহ হয়৷ আন এক তথ্য মতে   দেশখনৰ  প্ৰাপ্তবয়স্কসকলৰ ৫০% জনেই  ৰক্তদানৰ যোগ্য৷  কিন্তু অতি হতাশাৰ কথা  আমাৰ দেশৰ  প্ৰতি এহেজাৰজনৰ ভিতৰত  মাত্ৰ ৪জনেহে  ৰক্তদান কৰে৷ এহেজাৰজনৰ ভিতৰত যদি ২০জনে  ৰক্তদান কৰিলেহেতেন  তেতিয়া   প্ৰয়োজন তকৈ বেচি তেজ সংগ্ৰহ হ'লহেতেন৷ অৰ্থাৎ  ২ %  ৰক্তদাতাই দেশখনৰ তেজৰ চাহিদা পূৰণ কৰিব পাৰে৷ 
                  ৰক্তদান কৰিবলৈ শৰীৰৰ ওজন ন্যুনতম ৪৫কিলোগ্ৰাম হব লাগে৷ তেজত হিমগ্লবিন ১২গ্ৰাম  শতাংশৰ কম হব নালাগিব৷ ৰক্তদাতাজন আগতে উল্লেখ কৰা ৰোগ সমূহৰ পৰা মুক্ত হব লাগিব৷ এবাৰত এজন ৰক্তদাতাই শৰীৰৰ প্ৰতি কিলোগ্ৰাম ওজনৰ বিপৰীতে ৮মিলিলিটাৰ তেজ দিব পাৰে৷ অৰ্থাৎ ৪৫ কিলোগ্ৰাম ওজনৰ  এজন লোকে এবাৰত ৩৬০ মিলিলিটাৰ তেজ দিব পাৰে৷ অৱশ্যে ৰক্তভঁৰালে ৩৫০ মিলিলিটাৰ তেজহে সংগ্ৰহ কৰে৷৷ ১৮ বছৰৰ পৰা ৬৫বছৰ  বয়সলৈকে  যি কোনো সুস্থ পুৰুষ বা মহিলাই নিসংকোচে  ৰক্তদান কৰিব পাৰে৷ আকৌ লক্ষ্য কৰক  এজন  প্ৰাপ্তবয়স্ক  পুৰুষৰ শৰীৰত  প্ৰতিকিলো ওজনৰ বিপৰীতে ৭৬ মিলিলিটাৰ, মহিলাৰ প্ৰতিকিলো ওজনৰ বিপৰীতে ৬৬ মিলিলিটাৰ তেজ  থাকে৷ কিন্তু শৰীৰক প্ৰয়োজন  প্ৰতিকিলো ওজনত ৫০মিলিলিটাৰ তেজ৷ গতিকে আমাৰ  ব্যৱহাৰৰ ওপৰঞ্চি (Extra Pool of Blood) পৰিমাণৰ পৰাহে তেজ সংগ্ৰহ কৰা হয়৷ সেয়ে     ৰক্তদানৰ পৰা  শৰীৰৰ  সমূলিও   ক্ষতি নহয়৷  ৰক্তদান কৰাৰ  ৪৮ ঘন্টাৰ ভিতৰত  প্লাজমা অৰ্থাৎ  তেজৰ  জুলীয়া অংশটোৰ  সম্পূৰ্ণ ক্ষতি পূৰণ হয়৷ বাকী কণিকাসমূহৰ (চেলুলাৰ  উপাদানসমূহৰ)ক্ষতি পূৰণ হয় ২১ দিনত৷  যিদৰে নাদৰ পৰা পানী তুলি থাকিলেও  নাদৰ পানী কমি নগৈ  আকৌ আগৰ সমান হয়, সেইদৰে মাত্ৰ ৩সপ্তাহত  ৰক্তদাতাৰ তেজৰ পৰিমাণ পূৰ্বৰ দৰে হৈ পৰে৷ প্ৰত্যেক পুৰুষক ৩মাহত আৰু মহিলাক  ৪মাহত  পুনৰ ৰক্তদান  কৰিবলৈ  স্বাস্থ্য বিভাগে অনুমতি দিছে৷ শৰীৰৰ ওজন ৫৫কিলোগ্ৰামৰ অধিক হলে ৪৫০মিলিলিটাৰ তেজ অনায়াসে দান কৰিব পাৰে  ৷
               ব্লাড ট্ৰানসফিউজন চাৰ্ভিচ অবিহনে চিকিৎসা বিজ্ঞান অচল৷ উন্নত দেশসমূহ এশ শতাংশই স্বেচ্ছা  ৰক্তদাতাৰ ওপৰত নিৰ্ভৰশীল৷ আমাৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ ৰক্তভঁৰাল ৮২% স্বেচ্ছা  ৰক্তদাতাৰ ওপৰত নিৰ্ভৰশীল৷পশ্চিমবংগ, আহমেদাবাদ  আদিৰ  ৰক্তভঁৰালো স্বেচ্ছা ৰক্তদাতাৰ  সহায়ত সুচাৰৰূপে চলি আছে৷ অসমত স্বেচ্ছা ৰক্তদাতাৰ সহযোগ ১০%ৰো কম৷
              ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজৰ ৰক্তভঁৰালক   দেশৰ মডেল ব্লাড বেংকসমূহৰ এটা হিচাপে স্থাপন কৰা হৈছে৷ প্ৰতিদিনে ৬০ইউনিট ৰক্ত আৰু ৫ইউনিট  কম্পোনেন্ট    এই ৰক্তভঁৰালৰ পৰা দিয়া হয়৷ জনসাধাৰণৰ সহযোগ আৰু সজাগতাৰ  ৰক্তভঁৰালক সদায়েই  প্ৰয়োজন৷ মুমূৰ্ষু ৰোগীৰ  জীৱন ৰক্ষাৰ বাবে প্ৰয়োজনীয়  ৰক্ত  যথা সময়ত যোগান ধৰাই হৈছে ৰক্তভঁৰালৰ প্ৰধান লক্ষ্য৷ আমাৰ দেশৰ মাত্ৰ দুই শতাংশ লোকে স্বেচ্ছা  ৰক্তদাতা হিচাপে আগবাঢ়ি আহিলেই ৰক্তভঁৰালসমূহ  সকলো সময়তে  ততালিকে   সহায় কৰিব পৰাকৈ টনকিয়াল হব৷ ৰক্তদান মহান দান, ই অতুলনীয়৷ জীৱন কালত  প্ৰত্যেকেই এবাৰলৈ হলেও  এই ৰক্তদানৰ সুখানুভূতি লভিবলৈ আগবাঢ়ি আহিব লাগে৷ এয়া হ'ল সময়ৰ  আহ্বান৷
                                  ডা০ ৰামকান্ত  হাজৰিকা
অধ্যাপক পেথলজী বিভাগ, অসম মেডিকেল কলেজ, ডিব্ৰুগড়
সঞ্চালক, ৰক্ত ভঁৰাল, অসম মেডিকেল কলেজ ৷ মবাইল  নং - ৯৪৩৫৭-৪৭৮১৬              Email : - dbr.bloodbankamch@gmail.com

No comments:

Post a Comment