Mar 26, 2012

" স্বাস্থ্য চিন্তা : : অনিষ্টকাৰী ফাষ্ট ফুডৰ বিকল্প "


(সুস্বাস্থ্যৰ বিষয়ে মোৰ আগৰ লিখনিৰ এইয়া কিছু পৰপূৰক সমল ৷)

              
 মানুহৰ স্বাস্থ্যৰ এটি থুলমুল আভাস বডি মাছ ইনডেস্ক (Body Mass Index ) ৰ পৰা জনা যায়৷ আজিৰ পৰা দুশ বছৰ আগতে বেলজিয়ামৰ এজন পৰিসংখ্যাবিদ এডল্ফক্ব্যোতেলেটে মানুহৰ শৰীৰৰ স্থূলতা জুখিবলৈ এটি সূত্ৰ আবিস্কাৰ কৰিছিল৷অন্ত:ৰাষ্ট্ৰীয় মান্যতা পোৱা এই সূত্ৰ মতে শৰীৰৰ ওজনক (কিলোগ্ৰামত)  শৰীৰৰউচ্চতাৰে  (স্কোৱাৰ মিটাৰত) ভাগ কৰি পোৱা  ফলাফলক বডি মাছ ইনডেস্ক  ( চমুকৈ BMI ) বোলে৷ স্বাভাবিক বি,এম,আই হ'ল – ১৮.৫ - ২৪.৯৷ ১৮.৫ ৰ তল হলে শৰীৰৰ ওজন হবলগীয়াতকৈ কম বুজায় ৷ ২৪.৯ৰ বেচি হ'লে  ওজন স্বাভাবিকতকৈ বেচি ৷ ৩০ৰ ওপৰ হলে স্থুলাকায় (Obese ) আখ্যা দিয়া যায়৷ এতিয়া প্ৰত্যেকে নিজৰ বি,এম,আই  ওলিয়াই  লৈ সেইমতে উচিত পদক্ষেপ লওঁক৷
           এজন প্ৰাপ্ত বয়স্ক নিয়মীয়া স্বাস্থ্যৰ লোকক ২৪ ঘন্টা কাৰ্য্যক্ষম হৈ থাকিবলৈ ১২০০ৰ পৰা ২১০০ কেলৰি শক্তিৰ প্ৰয়োজন৷ ব্যক্তিজনৰ কাম বা শ্ৰমৰ ওপৰত নিৰ্ভৰ কৰি কম বা বেচি কেলৰিৰ শৰীৰক প্ৰয়োজন হয়৷এই কেলৰি আহে আমাৰ খাদ্যৰ পৰা৷ খাদ্যৰ মূল তত্ব তিনি বিধ এই ধৰণেৰে আয়ত্ব কৰাটো বাঞ্চনীয় : - ৪৫% - ৬৫% কেলৰি কাৰ্বহাইড্ৰেটৰ পৰা, ২০% - ৩০% কেলৰি ফেট বা চৰ্বিৰ পৰা, ১০% - ৩৫% প্ৰটিনৰ পৰা ৷আকৌ প্ৰতি এক গ্ৰাম কাৰ্বহাইড্ৰেটৰ পৰা আহে ৪ কেলৰী শক্তি, প্ৰতি এক গ্ৰাম চৰ্বিৰ পৰা  আহে ৯ কেলৰী শক্তি, প্ৰতি এক গ্ৰাম প্ৰটিনৰ পৰা  আহে ৪ কেলৰী শক্তি৷
           বিশ্ব স্বাস্থ্য সংস্থাই দিয়া পৰামৰ্শমতে আমাৰ খাদ্য তালিকাত শাক পাচলি,ফল মূল, দাইল,মাহ জাতীয় শস্য,বাদাম (Nuts) জাতীয় শস্য প্ৰচুৰ থাকিব লাগে৷চেচুৰেটেড চৰ্বি (যি সাধাৰণ তাপমাত্ৰাটো গোট মাৰি থাকে যেনে মাখন,ঘিউ,নাৰিকল তেল) আৰু মাংস,কণী, ডায়েৰীৰ উৎপাদন ক্ৰিম,পনীৰ ন্যুনতম ব্যৱহাৰ কৰিব কৈছে৷ আহাৰত অধিক আঁহ বা ফাইবাৰ থাকিলে ই শৰীৰক এইবিলাক ৰোগৰ পৰা সুৰক্ষা দিব পাৰে : - মেদবহুলতা, বহুমূ্ত্ৰ, উচ্চ ৰক্তচাপ,শৌচৰ কৌষ্ঠ-কাঠিন্য, তেজত চৰ্বি বঢ়া, পাইলচ্ , আন্ত্ৰৰ কেঞ্চাৰ, পিত্তৰ পাথৰ আদি ৷
           এটা কথা জনোৱা ভাল - খোৱা আহাৰ সন্তুলিত নহলে, শৰীৰ ব্যায়াম - খোজকঢ়া বা আন শাৰীৰিক ক্ৰিয়াকলাপ একোতে অভ্যস্ত নহলে কেইটিমান পিল বা কেপচুলে শৰীৰৰ মেদবহুলতা দূৰ কৰিব নোৱাৰে৷
          প্ৰকৃতিয়ে আমাক অজস্ৰ খাদ্যসম্ভাৰ শাক পাচলি,ফল মূল, দাইল,মাহ জাতীয় শস্যৰ ৰূপত যোগান ধৰিছে৷ শৰীৰৰ সকলোবিলাক লাগতিয়াল  তত্বই তাত উপলব্দ্ধ৷ আমাৰ অনাদৰ আৰু অবজ্ঞাৰ পৰিণামতেই মানৱ জাতি ন ন দূৰাৰোগ্য ব্যাধিৰ সন্মুখীন হব ধৰিছে৷
       এতিয়া আহোঁ কিয় ফাষ্টফুড গ্ৰহণযোগ্য নহয় কথাটোলৈ৷
              ফাষ্টফুডত থাকে অত্যধিক চৰ্বি, অধিক চেনি, অধিক চডিয়াম ৷ অকল শৰীৰৰ অপকাৰী  চেচুৰেটেড  চৰ্বিযুক্ত তেলেৰ এইবিলাক তৈয়াৰ কৰা হয়৷ ভিটামিন আৰু শৰীৰৰ লাগতিয়াল খনিজৰ অভাৱ৷ আনহাতে ইয়াত থাকে দেহৰ ওজন বঢ়োৱা তত্ব৷মধুমেহ,উচ্চৰক্তচাপ, হৃদৰোগ, ষ্ট্ৰ'ক, ক'লোনৰ কেন্সাৰ,  মেদবহুলতা,দন্তক্ষয় ,তেজত চৰ্বি বঢ়া , আদি বিভিন্ন ৰোগৰ বাহক হ'ল এই ফাষ্ট ফুডসমূহ৷এই ফাষ্ট ফুডত থাকে মনোচডিয়াম গ্লুটামেন, টাৰ্টজিন,চেকাৰিন, এচপাৰ্টেম আদি কৃত্ৰিমৰঙ,কৃত্ৰিম স্বাদ , আৰু কৃত্ৰিম সুগন্ধি দিয়া নানান প্ৰিজাৰৱেটিভ ৰসায়নিক পদাৰ্থ৷এইবিলাকৰ সঘন ব্যৱহাৰে আসক্তিৰ (Addiction) সৃষ্টি কৰে৷
      উন্নত দেশ সমূহত ধূম্ৰপানৰ পিছতেই দ্বীতিয় ঘাতক ৰূপে পৰিচিত হৈছে - এই ফাষ্টফুড৷ চিকিৎসকে পাইছে এমাহ নিয়মীয়াকৈ ফাষ্টফুড খোৱাজনৰ ওজন ১০কিলো পৰ্যন্ত বাঢ়িছে৷লিভাৰৰ আকাৰ বাঢ়িছে আৰু লিভাৰতো চৰ্বি বিপদজনকভাবে জমা হৈছে৷
        আকৰ্ষণীয় বিজ্ঞাপন যেনে পিজ্জাৰ লগত শীতল পানীয় বিনামূলীয়া, ঘৰত বহি বহি ফোনতে অৰ্ডাৰ দিলেই ডেলিভাৰী পাব আদিত মানুহে ভোল যায়৷কে এফ চি,বাৰ্গাৰ কিং, মেকডনাল্ড আদি ফাষ্টফুডৰ  দোকান বিশ্বৰ বিভিন্ন দেশৰ লগতে অসমতো খুলিছে৷ইয়াৰ পৰা হব পৰা অপকাৰ সমূহৰ ব্যাপক প্ৰচাৰৰ প্ৰয়োজন৷মাতৃ আৰু গৃহিনীসকলে ঘৰতে নিৰাপদ আৰু মুখৰোচক খাদ্যৰ  যোগান ধৰি ইয়াৰ বিকল্পৰ সন্ধান দিব পাৰে৷
কেইটিমান কিটিপ ৰান্ধনীলৈ আগবঢ়ালো -
          ব্ৰাউন ব্ৰেড বা নহলে বনত কলেষ্টৰল ফ্ৰি বাটাৰ (নহলে ল' ফেট চীজ) সানি তিয়ঁহ,বিলাহী আদিৰে বাৰ্গাৰ বনাব  পাৰে৷ আলু কমকৈ দি সিদ্ধ কাচকল লওক৷ ৰঙীন প্ৰিজাৰৱেটিভ দিয়া চচৰ সলনি নেমু,আদা, নহৰু,জলকীয়া, পদীনা,ধনীয়া,নৰসিংহ আদিৰে তাজা চাটনিৰ জুতি লওক ৷
          আইচক্ৰিমৰ বিকল্প হিচাবে চেষ্টা কৰক - শীতল ফ্ৰুট চালাড, চুজী,খীৰ,পায়স,ফলৰ পিছা ফ্ৰিজত থৈ৷
         ঘৰতে মাছৰ, কাচকলৰ, আলুৰ, কবিৰ চপ,পকৰি বনাওক - সূৰ্য্যমুখী বা অলিভ জাতীয় নিৰাপদ তেলেৰে ভাজি৷ 
          চিপচৰ সলনি পাপৰ বেলেগ বেলেগ ধৰণেৰে চেষ্টা কৰি চাব পাৰে৷
           এটা কথা লক্ষ্য কৰক - আপুনি ফাষ্টফুডৰ ৰেষ্টোৰাত খোৱা এটা বাৰ্গাৰত ১০২০কেলৰি থাকে , অৰ্থাৎ দিনটোৰ প্ৰয়োজনৰ আধাতকৈ বেচি কেলৰী এটা বাৰ্গাৰতে থাকে৷
           এটা সময়ত এনে ৰেষ্টোৰাত হৰমোন দি ডাঙৰ কৰা মাংসও বিক্ৰী হৈছিল৷ হৰমোনৰ অপকাৰিতা বিশেষকৈ কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত হব পাৰে ৷ আমেৰিকাত এনে মাংসৰ বিক্ৰী নিসিদ্ধ কৰা হ'ল৷ভাৰতত যে বিক্ৰী নহব তাৰ  নিশ্চয়তা কোনে দিব ? ইতিমধ্যে ভাৰতবৰ্ষত অস্কিটচিন হৰমোনৰ বেজীদি ডাঙৰ কৰা জাতিলাউ,ৰঙালাউ,অমিতা কথা পাঠকে নিশ্চয় গম নোপোৱাকৈ থকা নাই৷ 

 শীতল পানীয়ৰ বিষয়ে :কাৰ্বনযুক্ত শীতল পানীয়ৰ বিষয়ে নজনালে লিখনি অসম্পূৰ্ণ হৈ ৰব৷এনে পানীয়ৰ এচিডিটিৰ মাত্ৰা হ'ল পিএইচ ৩.৪৷ আপোনালোকে কেইটিমান প্ৰয়োগ কৰি চাব পাৰে : - এটা সৰা দাঁত  ক'কাকোলা বা পেপচীত ভলদৰে ডুবাই  থওক আৰু দুসপ্তাহত তাৰ অৱস্থা লক্ষ্য কৰক৷ গাহৰিৰ মাংসৰ টুকুৰা এটাত ক'কাকোলা বা পেপচী ঢালি কিছু সময় পিছত তাৰ অৱস্থা লক্ষ্য কৰক৷টয়লেটৰ নোযোৱা দাগ, মামৰে ধৰা নট-বল্টু-তলা খুলিবলৈ, গ্ৰীচৰ দাগ গুচাবলৈ, গাড়ীৰ লোহাৰ বাম্পাৰৰ মামৰ গুচাবলৈ, গাড়ীৰ সন্মুখৰ গ্লাচখনত লাগি ৰোৱা আলকতৰা আদিৰ দাগ গুচাবলৈ  এনে যি কোনো এবিধ কোলা ব্যৱহাৰ কৰি চাওঁক৷

       শীতল পানীয়ই  পাকপ্ৰণালীৰ হজম ক্ৰিয়াকো বাধা প্ৰদান কৰে৷ এনে কাৰ্বনযুক্ত শীতল পানীয়ত কোনো ভিটামিন,খনিজ বা শৰীৰৰ লাগতিয়াল দ্ৰব্য নাই৷ এটা ২৫০মিলিলিটাৰৰ বটলত ১০০পৰা ২৫০ লৈকে (ব্ৰেণ্ড অনুসৰি ভিন্ন ভিন্ন) কেলৰী থাকে৷ ডায়েট পেপচিত ন্যুনতম কেলৰী থাকে৷ এইবিলাকত  আছে অতিমাত্ৰা চেনি, এচিড, কাৰ্বন ডাইঅস্কাইড, কৃত্ৰিম ৰঙ আৰু প্ৰিজাৰৱেটিভ৷ এই তত্বসমূহে শৰীৰৰ কেলচিয়ামক গলাই তেজৰ নলীত বা কিডনিত জমা কৰিব পাৰে৷ বহুতে ভাবে মদ খালে লিভাৰ নষ্ট হৈ চিৰচিচ হয়, গতিকে তাৰ সলনি এনে পানীয় গ্ৰহণ কৰা ভাল৷ কিন্তু ইয়াৰ ভয়াবহতা ভালদৰে বুজিবলৈ চাওঁক৷ শুনামতে দিল্লীবিশ্ববিদ্যালয়ৰ কেন্টিনত  হোৱা এক প্ৰতিযোগিতাত ৮বটল কোকাকোলা খাই এজন ছাত্ৰৰ কাৰ্বন ডাইঅস্কাইড পয়জনিং হৈছিল৷


*  বিকল্প কি হব পাৰে ? 
    প্ৰকৃতিয়ে আমাক গোটেই বছৰটোৱেই  কিবা নহয়  কিবা খাবলৈ  দিছে;  যেনে আম,অমৰা,কৰ্দৈ,থেকেৰা,বেল,আপেল,নাচপতি,আনাৰচ, ডালিম,তৰমুজ,অমিতা, তেতেলি, লিচু নেমু,মালটা,কমলা,মৌচম্বী,বগৰী,আমলখি,জলফাই,লেতেকু,পনিয়ল আদি বিভিন্ন সুস্বাদু ফল-মূল৷এইবিলাকৰ প্ৰত্যকৰে  চৰবত বনাই খাব পাৰে৷ আৰু খাব পাৰে ডাবৰপানী,কুঁহিয়াৰৰ ৰস৷ দৈৰ পৰা বনোৱা লচ্চি আৰু নিমখীয়া মথ্থাও উপকাৰী আৰু সুস্বাদু পনীয়৷
      মুখনিত এটা কথা কম যি সকল লোক ইতিমধ্যে ফাষ্টফুডত আসক্ত হৈ পৰিছে - তেওঁলোকে মাহত এদিনতকৈ বেচিবাৰ এনে ফাষ্টফুড  গ্ৰহণ নকৰক আৰু লগত বিনামূলীয়াকৈ পোৱা শীতল পানীয়ৰ সলনি মিনাৰেল পানী লওঁক৷
  
ডা০ ভূপেন শইকীয়া
২৪-৩-২০১২     ড'হা,  কাটাৰ